BlogPage আৰু Blog Post কেনেকৈ বনাব লাগে?(How to create a Blog Page and Blog Post in Blogger?)

blog-page-aru-blog-post-kenekoi-bonabo-lage

আজি আলোচনা কৰিম ব্লগিং কৰোতে  পোস্ট আৰু পেজ কেনেকৈ বনাব লাগে ?আপোনাৰ ওয়েবসাইট র কাৰণে যেতিয়া ব্লগপোস্ট আৰু ব্লগ পেজ বনোয়া  হয় তেতিয়া কিছুমান নিয়ম নীতি মানি চলিব লাগে। 

গতিকে আজি এই আর্টিকেল ত সেই নীতি নিয়মৰ বিষয়ে লগতে কর পরা আমি কেনেকৈ বনাব পাৰো ,সেই বিষয়ে বিতং কৈ আলোচনা কৰিব গৈ আছো। 

ব্লগপেজ কেনেকৈ বনাব লাগে ?(How to create Blog Page)

প্রথমতে আমি আলোচনা কৰিম ব্লগিং কৰোতে আমি পেজ কেনেকৈ বনাম আৰু কি নিয়মৰ মাধ্যমেৰে অতি সহজতে বনাব পাৰি ? 

যেতিয়া আপুনি ব্লগিং সম্পৰ্কে অজ্ঞাত অৱস্থাত যদি পোন প্ৰথমে এই পোষ্ট যদি পঢ়ি থাকে তেন্তে আপোনাৰ মনত question এটা আহিব পাৰে, ব্লগিঙ কৰোঁতে আকৌ কিহৰ পেজ বনাব লাগে?

ব্লগিং ৰ মাধ্যমত আপুনি উপাৰ্জন কৰিব খুজিলে আৰু গুগল Adsense পৰা অনুমোদন লব বিছাৰিলে তলত দিয়া অতি গুৰুত্বপূৰ্ণ Blogpage কেইটা বনোৱাটো অত্যন্ত জৰুৰী।

যদি আপুনি Blogpage নৱনায় তেনেতে আপোনাৰ ৱেবচাইট কোনোপধ্যেই গুগল AdSense ৰ পৰা অনুমোদন নাপায়।

 ব্লগ এখনৰ Page কর পরা  কেনেকৈ বনাব পারি ?

ইমান সময় যাৰ বিষয়ে জনাব বিচাৰি আছোঁ , তাৰ মানে ব্লগিং ত পেজ কেনেকৈ বনাব লাগে সেই পেজ কেইটাৰ তলত দিয়া লিংকৰ পৰা বনাব পাৰিব। 

 ওপৰত উল্লেখ কৰা লিংকৰ উপৰিও আৰু বহুত ৱেবচাইট আছে যৰ পৰা পেজ বিলাক বনাব পাৰিব।  

দ্বিতীয়তে, যদি আপুনি উপৰোক্ত লিংক ত গৈ নিজৰ ৱেবচাইট ৰ নাম ইমেইল আইডি, লগতে ৱেবচাইট ৰ লিংক দি Generate ত ক্লিক কৰিলে পেজ Generate হৈ যাব।

এতিয়া generate হোৱা লিখা খিনি কপি কৰি ব্লগাৰ Dashboard ত গৈ Page button ত ক্লিক কৰি যি পেজ বনাব খুজিছে Title ত লিখি  paste কৰি save কৰি দিব।

গতিকে বাকি থকা ৪ খন পেজ একেধৰণে একে পদ্ধতিৰে বনাই লব পাৰিব।  কাৰণ গোটেই কেইটা যদি এটা এটা কৈ বিশ্লেষণ কৰিব যাব বিচাৰোঁ আৰ্টিকল খন আৰু বেছি দীঘল হৈ যাব।

ব্লগিং ত পোস্ট কেনেকৈ বনাব ? 

দ্বিতীয়তে , আমি আলোচনা করিম ব্লগিং কৰোতে পোস্ট কেনেকৈ বনাম? সেই বিষয়ে অবগত হওয়া নিচ্চয় দরকার। পোস্ট এটা বনোয়া একেবাৰে সহজ কাম যদিও কিছুমান কার্য্যৰ ওপৰত  সদায় চকু ৰাখিব লাগে। 

উদাহরণস্বরূপ ব্লগ এখনৰ H 1 Heading, H 2 Heading, H3 Heading, H4 Heading ইত্যাদি আমি কত কেনেকৈ ব্যবহার করিম সেই বিষয়ে জ্ঞান থকাটো একান্ত জরুরি । ইয়াৰ উপৰিও Paragraph আৰু Normal কত ব্যবহার কৰিব পারি সেই বিষয়ে জনাটোও অতি প্রয়োজনীয় । 

প্রথমতে আপুনি Title ত যি লিখিব সেইটো অটোমেটিক Major Heading অথবা H1 Heading ত আহি যাব ,যদিও কিছুমান Blogger Template ত কিছু বিসংগতি দেখা যায়।গতিকে টেম্পলেট নির্বাচন কৰোতে সদায় সাবধানে কৰিব লাগে যাতে বিসঙ্গতিপূর্ণ টেম্পলেট ব্যবহার নকৰে। সেই গতিকে আপোনালোকৰ কাম সহজ কৰিবৰ বাবে আমি ইয়াত কেইটামান টেম্পলেট লৈ আহিছো নিচ্চয় আপোনালোক উপকৃত হব।তার বাবে আপোনালোকে এই ব্লগপোস্ট টো যেনে 14 Best SEO Friendly Blogger Template in Assamease ভালকৈ চাব পারে 

 এতিয়া কথা হল আমি টেম্পলেট র বিসংগতি কেনেকৈ Check করিম যে আমি ব্যবহার করা টেম্পলেট র Title ত ব্যবহার করা লিখাখিনি Major Heading ত আছে না নাই ?ইয়াৰ বাবে আপুনি Seobility ত গৈ আপোনাৰ ওয়েবসাইট র Homapage URL দি Analyse Website ত  ক্লিক কৰিলে আপোনাৰ Check কৰিবলগীয়া বিসংগতি ওলাই পৰিব। 

blog-page-aru-blog-post-kenekoi-create-koribo-lage

তলত আমি এই বিষয়ে বিষদভাবে আলোচনা করিম 

Heading কত কেনেকৈ ব্যৱহাৰ কৰিব লাগে?

 H1 Heading -Major হেডিং 

আগতে কৈয়ে  দিয়া হৈছে ব্লগস্পট ত আপুনি আৰ্টিকল ৰ যি Title দিব সেইটোৱেই Major Heading বা H1 Heading হব। যেনেকৈ এই আৰ্টিকল ৰ Blogpage আৰু Blogpost কেনেকৈ বনাব লাগে? এইখিনি হল H1 Heading বা H ১ টেগ বুলিও কোৱা হয়। ইয়াৰ পৰা আমি এটা কথা গম পালো যে Title ত আপুনি যি লিখিব সেয়া আপোনা আপুনি H1 Heading হৈ যাব।

H2 Heading বা Heading 

আপোনাৰ লিখনিত আপুনি H2 Heading কেইবাটাও ব্যবহার কৰিব পাৰিব। লক্ষণীয় বিষয় টো হল Major Heading র পিছত আপুনি যিকোনো Heading ব্যবহার কৰিলে সেইটো H2 Heading হিচাপে ব্যবহার কৰিব লাগিব। 

ঠিক তেনেকৈ আমি বাকি থকা H3,H4,H5,H6 Heading লৈকে এটাৰ পিছত এটাকৈ আপোনাৰ লিখনিত ব্যবহার কৰিব পাৰিব। কিন্তু এটা কাম সদায় মনত ৰাখিব লাগিব যাতে H3 Heading র ঠাইত H4 Heading অথবা H2 Heading র আগতে H3 Heading ব্যবহার নকৰে। 

আপোনাৰ লিখনিত Heading বাদ দি বাকি যি কনটেন্ট থাকিব সেইখিনি Paragraph ত আৰু একেবাৰে শেষত সামৰণি খিনি আপুনি Normal ত ব্যবহার  কৰিব পারে। ইয়াৰ উপৰিও ভালকৈ জানিব বিচাৰিলে  ব্লগপোস্ট কেনেকৈ তৈয়াৰ কৰিব? ইয়াৰ সহায়ত আৰু  বিশদভাবে জানিব পাৰিব। 

Conclusion 

 গতিকে ওপৰত উল্লেখ কৰা BlogPage আৰু Blogpost কেনেকৈ বনাব লাগে ? আর্টিকেল র জৰিয়তে আশা করো ভালেখিনি ব্লগিং র বিষয়ে জানিব পাৰিছে। ইয়াত কৈ কিবা আৰু যদি বেচি জানিবলগা আছে নিচ্চয় জনাব লগতে শেয়ার কৰিবলৈ নাপাহৰিব। 

পঢ়ক :-ব্লগিং কি আৰু কেনেকৈ কৰিব লাগে ? -অসমীয়াত শিকক

Next Post
No Comment
Add Comment
comment url