Mutual Fund কি ?Mutual Fund ৰ সহায়ত আমি কেনেকৈ লাভবান হব পাৰি ?
আজি আপোনালোকৰ সন্মুখত এটা বিশেষ আর্টিকেল লৈ আহিছো যে মিউচুয়াল ফান্ড কি আৰু মিউচুয়াল ফান্ড সহায়ত আমি কেনেকৈ লাভবান হব পাৰি। টকা অবিহনে আমি বর্তমান আধুনিক যুগত চলিব পৰা কঠিন হৈ পৰে আৰু আমি টকা-পইচা ইমানেই খৰচ কৰা অভ্যাস হয় পৰিছে যে আমাৰ উপার্জনতকৈ খৰচৰ পৰিমাণে বেছি হৈ পৰিছে ,গতিকে আমি টকা সঞ্চয় কৰাৰ কথা কিছুমানে পাহৰি যাও।
গতিকে আজিৰ এই আলোচনীৰ দ্বাৰা আমি আপোনালোকক অবগত কৰিব খুজিছু যে আমাৰ প্রত্যেক মাহত যি আমি উপার্জন কৰো তাৰ পৰা অতি সামান্য পৰিমানে হলেও বচাই তাক সঞ্চয় কৰি ভৱিষ্যতৰ কিবা জৰুৰীকালীন অৱস্থাৰ বাবে থব পাৰো।
আমাৰ মাজৰ পৰা প্রায় প্রত্যেককেই টোকা সঞ্চয় কৰাৰ প্রয়াস নিচ্ছয় কৰিছে, কিন্তু এতিয়ালৈকে কোনো দিনে সফল হওয়া নাই। কোনোবাই প্রতি মাহে মাহে নিজৰ ইনকাম ৰ পৰা নিজৰ ব্যাঙ্ক একাউন্ট ত অথবা ঘৰত হউক জমা কৰাৰ চেষ্টা নিচ্ছয় কৰিছে। কিন্তু দেখা যায় ২-৩ মাহৰ ভিতৰত যি জমা হৈছিল হেইখিনি ও খৰচ কৰি পেলাইছে, কাৰণ হল জমা হৈ টকা খিনি লওঁতে আপোনাৰ বেচি সময়ৰ প্রয়োজন নহয় বা একাউন্ট ত থাকিলে খৰচ কৰিব বেচি সময় নালাগে।
যদি এনেকুয়া আপোনাৰ লগত হৈ আছে তেন্তে এই পোস্ট টো যেনে মিউচুয়াল ফান্ড কি ?মিউচুয়াল ফান্ডৰ সহায়ত আমি কেনেকৈ লাভবান হব পাৰি ? আপোনাৰ কামত আহিব পাৰে গতিকে পোষ্টখিনি ভালদৰে প্রথমৰ পৰা শেষলৈকে নিচ্ছয় পঢ়িব।
Mutual Fund কি ?
মিউচুয়াল ফান্ড হৈছে এক ধৰণৰ বিনিয়োগ মাধ্যম, য'ত বহু বিনিয়োগকাৰীৰ পৰা সংগৃহীত টকাৰ সৈতে বিভিন্ন শেয়াৰ, বন্ড, আৰু অন্যান্য সম্পদৰ এক পুল গঠন কৰা হয়। ই বিনিয়োগকাৰীৰ বাবে এক সহজ আৰু সুবিধাজনক বিকল্প। এই নিবন্ধত, আমি আলোচনা কৰিম কেনেকৈ মিউচুয়াল ফান্ডত বিনিয়োগ কৰিব।
Fixed Deposit (FD )Debt Fund (ঋণৰ পুঁজি),Hybrid Fund ,Equity Funds,Growth Fund (বৃদ্ধিৰ পুঁজি),Index Fund (সূচকাংক পুঁজি),Liquid funds ইত্যাদি।
Mutual ফান্ড ত কেনেকৈ বিনিয়োগ কৰিব ?
Mutual ফাণ্ডত আপুনি মাহে মাহে SIP হিচাপে Lum-Sump হিচাপে Investment অথবা একেবাৰে OneTime Investment কৰিব পাৰে।
আজিকালিৰ আধুনিক যুগত ইন্টাৰনেট ৰ সহায়ত আমি সকলো বস্তু-সামগ্রী ঘৰতে বহি চাই থাকিব পাৰো বা কিবা অনুসন্ধান কৰিবলগীয়া থাকিলে হেয়াও ইন্টাৰনেট যোগেদি চাব পাৰো। গতিকে আমি মিউচুয়াল ফান্ড ৰ বিষয়ে যিকোনো তথ্য লাগিলে আমি সেয়াওঁ জানিব পাৰিম।
এতিয়া আমি মিউচুয়াল ফান্ড কৰিব খুজিলে আমাৰ কাকো ধৰিব নালাগে যে মোৰ কামখিনি কৰি দিয়া বা তাৰবাবে পঁইচাও কাক দিবো নালাগে। আপুনি গোটেইখিনি কাম ঘৰতে বহি নিজৰ মোবাইল ,ল্যাপটপ অথবা কম্পিউটাৰৰ যোগেদি কৰিব পাৰিব। তাৰবাবে Angel One ,Grow ,SBI Inves App ইত্যাদি অকল আপোনাৰ মোবাইল ত ইনস্টল কৰি কামখিনি কৰিব পাৰিব।
বিনিয়োগৰ আগতে প্ৰয়োজনীয় তথ্য কি কি জানিব লাগিব ?
-বিনিয়োগ কৰিবলৈ আগতে কিছু তথ্য সংগ্ৰহ কৰাটো অতি গুরুত্বপূর্ণ। সেইবোৰৰ ভিতৰত:
ফান্ডৰ উদ্দেশ্য: আপুনি প্রথমতে খুলিবলগা মিউচুয়াল ফান্ডটোৰ উদ্দেশ্য কি?কিহৰ কাৰণে খুলিব সেইটো স্পষ্ট কৰি লব লাগিব।
- ফান্ডৰ পৰিচালক: অতি গুরুত্বপূর্ণ কথাটো হল ফান্ড টো ক’ত পৰিচালিত হৈছে?সচাকৈ কি বিশ্বাস থকা কোম্পানিত বিনিয়োগ কৰিব গৈ আছে।
- ফান্ডৰ ইতিহাস: আপুনি লগতে এইখিনি তথ্য সংগ্রহ কৰিব লাগিব যে এই ফান্ড টো কিমান সময়ৰ পৰা এই ফান্ড চলি আছে?ইয়াৰ পূর্বৰ পারফৰমেন্স কেনেকুৱা আছিল ? আৰু এখেতে আপোনাৰ পৰা সংগ্রহ কৰা ধনখিনি কত কত বিনিয়োগ কৰিব।
মিউচুয়াল ফান্ডৰ সুবিধা আৰু অসুবিধা কি কি আছে ?
সুবিধাসমূহ:
- - বিভিন্নতা: এটা মিউচুয়াল ফান্ডে বিভিন্ন সম্পদত বিনিয়োগ কৰে, যাৰ দ্বাৰা ইয়াৰ বিফলৰ ঝুঁকি কম হয়।
- - সুবিধাজনক ব্যৱস্থাপনা: এটা প্ৰফেছনেল টীমৰ দ্বাৰা পৰিচালিত হয়।
- - নিম্ন বিনিয়োগ: মিউচুয়াল ফান্ডত সাধাৰণতে কম পৰিমাণে বিনিয়োগ কৰিব পাৰে।আজিৰ প্রায়বিলাক মিউচুয়াল ফান্ড ত কেৱল মাহেলী নিম্নতম ১০০ টকা হিচাপে বিনিয়োগ কৰিব পৰা যায়।
অসুবিধাসমূহ:
- - ফী আৰু খৰচ: কিছু ফান্ডত ব্যবস্থাপনা ফী থাকিব পাৰে।
- - বজাৰৰ হাৰ: মিউচুয়াল ফান্ডৰ মূলধন বজাৰৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে।
৫. বিনিয়োগৰ পৰবর্তী পদক্ষেপ
মিউচুয়াল ফান্ডত বিনিয়োগ কৰাৰ পাছত, কিছু বিষয় মনত ৰাখিব:
- নিয়মিত মনিটৰিং: আপোনাৰ বিনিয়োগৰ পৰ্যায়ৰ ওপৰত মনিটৰিং কৰক।
-দীর্ঘ সময় বিনিয়োগ: মিউচুয়াল ফান্ডত যদি ভাল ইনকাম বিচাৰে তেতিয়াহলে দীঘলীয়া সময়ৰ বাবে বিনিয়োগ কৰিবৰ বাবে যত্ন কৰিব। কাৰণ দীর্ঘ সময়ত মিউচুয়াল কোম্পানি বিলাকে ভাল পৰিমাণৰ রিটার্ন দিয়ে ,ধৰক আপুনি মাহেলী ৩০০০ টকা হিচাপে কোনো এখন কোম্পানি ত ১০ বছৰৰ বাবে বিনিয়োগ কৰিছে এই ১০ বছৰত আপুনি যিমান পৰিমাণৰ রিটার্ন পাব তুলনামূলক ভাৱে ১৫ বছৰত আপুনি যিমান পাব লাগিছিল তাতকৈ বহুত বেছি পৰিমানে রিটার্ন পাব।
- চিন্তা কৰক: বজাৰৰ ওপৰত ভিত্তি কৰি যদি প্ৰয়োজন হয়, তেন্তে আপনার বিনিয়োগ কৌশল পৰিৱৰ্তন কৰক।
উপসংহাৰ
মিউচুয়াল ফান্ড হৈছে এক সুবিধাজনক আৰু সুৰক্ষিত বিনিয়োগ মাধ্যম, যি প্ৰায় সকলৰ বাবে উপযুক্ত। সঠিক তথ্য আৰু পৰিকল্পনা অনুসৰণ কৰিলে, আপুনি সফলভাৱে মিউচুয়াল ফান্ডত বিনিয়োগ কৰিব পাৰিব । উল্লেখযোগ্য যে, যিকোনো বিনিয়োগৰ পূৰ্বে সঠিক জ্ঞান আৰু বিশ্লেষণ কৰাটো অত্যন্ত জৰুৰী।
বিনিয়োগৰ বাবে সদা সতর্ক থাকক আৰু নিজৰ লক্ষ্যসমূহৰ প্রতি মনোযোগী হওক।
পঢ়ক -Public Provident Fund (PPF)ৰ সহায়ত কেনেকৈ লাভবান হব পাৰি ?