অনলাইনত মাটিৰ খাজনা কেনেকৈ পৰিশোধ কৰিব পাৰি ?

আজি আপোনালোকৰ বাবে এটা অত্যান্ত জৰুৰী বিষয় লৈ আহিছু সেয়া হল অনলাইনত মাটিৰ খাজনা কেনেকৈ পৰিশোধ কৰিব পাৰি ?

matir-khazna-in-assam

অসমত অলপতে আৰম্ভ হওয়া মিশন বসুন্ধৰা ৰ নিচিনাকৈ মাটিৰ খাজনা অনলাইন যোগে পৰিশোধৰ বাবে অসম চৰকাৰে ব্যবস্থা কৰিছে। গতিকে যদি আপুনি আপোনাৰ মাটিৰ খাজনা জমা দিব বিচাৰিছে তেতিয়াহলে আপনাক আগৰ নিচিনাকৈ অফিস ত গৈ জমা দিব নালাগে। এতিয়া আপুনি ঘৰতে বহি মোবাইল বা কম্পিউটাৰ সহায়ত অনলাইন যোগে খাজনা পৰিশোধ কৰিব পাৰিব। 

মাটিৰ খাজনা কি ?

ভূমি ৰাজহ হল যিকোনো ব্যক্তি মাটিৰ মালিক হোৱাৰ পৰিৱৰ্তে মাটিৰ পৰিমাণৰ ওপৰত চৰকাৰক দিবলগীয়া কৰ। ই চৰকাৰক দিয়া এক প্ৰকাৰৰ কৰ। চৰকাৰক দিবলগীয়া ভূমি ৰাজহৰ পৰিমাণ নিৰ্ণয় কৰিবলৈ মাটিৰ টুকুৰাটোৰ মূল্যায়ন কৰা হয়, যাক ভূমি বন্দোবস্ত বুলি জনা যায়।

ভাৰতৰ স্বাধীনতাৰ আগৰ উপনিবেশিকৰণ কালত বৃটিছে ভূমি ৰাজহ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। ভাৰতত মোগল শাসকৰ আধিপত্যৰ সময়ৰ পৰাই সম্ৰাট আৰু ৰজাই ভূমিসমূহ জাগীৰত বিভক্ত কৰাত বিশ্বাস কৰিছিল। জাগীৰদাৰে মালিকৰ দৰে জাগীৰক নিয়ন্ত্ৰণ কৰে।

ভূমি ৰাজহ বা মাটিৰ খাজনা কেনেকৈ পৰিশোধ কৰিব পাৰি?

ভূমি  ৰাজহ বা মাটিৰ খাজনা জমা দিবলৈ হলে প্রথমতে আপোনাৰ মোবাইল বা ল্যাপটপ ত e-Khazna লিখি সার্চ কৰিলে অথবা Mission বসুন্ধৰা লিখি সার্চ কৰি প্রথম অথবা দ্বিতীয় যিকোনো অপশন ত ক্লিক কৰিলে এই পেজ টো খোল খাব। আপুনি মিশন বসুন্ধৰা ত গৈ কেনে খুলিব পাৰিব। 

E-Khazana


এতিয়া ওপৰত দেখা দিয়া login Register ত ক্লিক কৰি অথবা Apply অপশন ত ক্লিক কৰিব লাগিব। 

matir-khazna-kenekoi-porisodh-koribo-pari

ওপৰৰ চিত্রত দেখাৰ দৰে পেজ এখন খোল খাব তাতে Citizen অপশন তো ৰাখি Register Now ত ক্লিক কৰিব। 
এতিয়া তলত দেখা দিয়া মোবাইল  নম্বৰ দি Generate OTP ত ক্লিক কৰিব লগতে তথ্য খিনি পূর্ণ কৰি Signup ত ক্লিক কৰি দিব। 

e-khazna-system-assam


আপোনাৰ নামত একাউন্ট এখন হৈ  গল এতিয়া আপুনি login ত ক্লিক কৰি ওয়েবসাইট ৰ নির্দেশনা অনুযায়ী বাকীখিনি কাম বা খাজনা জমা দিব পাৰি। 

মন কৰিবলগীয়া কথাটো হল আপুনি User ID, Password দি অথবা মোবাইল No ,Password নাইবা আধাৰ ,পান ,ড্রাইভিং লাইসেন্স No দিও Login কৰিব পাৰিব। 

যদি আপুনি স্টেপ  খিনি Guideline ডাউনলোড কৰিব বিচাৰে তেন্তে ক্লিক কৰক। 

দৰকাৰী নথিপত্র :

আপোনাৰ শেষৰ ভূমি ৰাজহ ৰচিদ (প্ৰথমবাৰৰ বাবে খাজানা আবেদনৰ বাবে)লাগিব ।

নিৰ্ধাৰিত সময়সীমা : ১৫ দিন।

মাচুল:

সেৱা চাৰ্জ (পিএফচি/চিএছচিৰ জৰিয়তে) -  ৩০ টকা।.
প্ৰিন্টিং চাৰ্জ (পিএফচি/চিএছচিৰ পৰা যিকোনো প্ৰিন্টিঙৰ ক্ষেত্ৰত) -প্ৰতি পৃষ্ঠাত ১০ টকা।
স্কেনিং চাৰ্জ (যদি নথিপত্ৰসমূহ পিএফচি/চিএছচিত স্কেন কৰা হয়)  প্ৰতি পৃষ্ঠাত ৫ টকা।
সুবিধাজনক মাচুল - ১০ টকা। 



Next Post Previous Post
No Comment
Add Comment
comment url